পানীৰ দৰত চৰকাৰী মাটি বিক্ৰীত তীব্ৰ প্ৰতিক্ৰিয়া সমুজ্বল ভট্টাচাৰ্যৰ

নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰীঃ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে সংকট নমাই অনাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰে’লৱেৰ অধীনৰ গুৱাহাটীৰ মাজমজিয়াৰ ৫৮ বিঘা মাটি ৩ অনা-অসমীয়া বনিয়া উত্তম বেৰিয়া,ঋষি গুপ্তা আৰু অৰুণ বাজাজৰ ওচৰত বিক্ৰী কৰাৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলাৰ সময়তে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন জাতীয় সংগঠন।
চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্বল ভট্টাচাৰ্যই কয় যে- “গুৱাহাটীৰ মাজমজিয়াৰ যিডোখৰ মাটি বহিঃৰাজ্যৰ বনিয়াক দিবলৈ চৰকাৰে যি পদক্ষেপ লৈছে সেয়া কোনো কাৰণতে মানি লোৱা নহ’ব। যিহেতু অসমৰ জনগণে ৰে’লৰ কামৰ বাবে বিভাগটোক দিছিল মাটিখিনি। যদি বিভাগক লাগে বিভাগৰ কাম কৰক। ৰে’ল বিভাগে অগ্ৰাধিকাৰ ভিত্তিত গুৱাহাটীৰ মাটিডৰাত দবা বনোৱাকে ধৰি বিভিন্ন কাৰখানাৰ কাম কৰক। যদি বিভাগৰ প্ৰয়োজন নাই মাটিডোখৰ ঘূৰাই দিয়ক।”
ইয়াৰোপৰি তেঁও কয় যে, অসমৰ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে আছুৱে দীৰ্ঘদিন কৰি অহা দাবীৰ ন্যায্যতো পুনৰ প্ৰমাণ কৰিছে। যদি ৰাজহৰ বাবে বিভাগে মাটিখিনি বিক্ৰী কৰিব বিচাৰিছে তেনেহ’লে অসমৰ থলুৱা লোকক দিয়ক, বহিৰাগত বনিয়াক দিব কিয়?