Local, Vocal, Global

পাকিস্তানৰ সিন্ধু প্ৰদেশত খেতি পথাৰত হিন্দু মহিলাক শিৰচ্ছেদ

পাকিস্তানৰ সিন্ধু প্ৰদেশত এগৰাকী হিন্দু মহিলাৰ শিৰচ্ছেদ কৰি হত্যা কৰাৰ খবৰ বিশেষ চৰ্চা লাভ কৰিছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ পৰিয়ালে কাৰো সৈতে কোনো শত্ৰুতা নাই বুলি প্ৰকাশ কৰে।

সিন্ধুৰ সংঘৰ জিলাৰ চিঞ্জোৰো অঞ্চলত সংঘটিত হৈছে। চিঞ্জোৰো কৰাচীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ নিলগত। ৪০ বছৰীয়া দয়া ভিল এগৰাকী বিধৱা আছিল। পুত্ৰ সুমেৰ চান্দ ভিলে কয় যে পৰিয়ালটোৱে খেতি কৰি জীৱন নিৰ্বাহ কৰে৷ সুমেৰ চান্দৰ মতে মঙলবাৰে আবেলি দয়া ভিলে কুঁহিয়াৰৰ পথাৰত ঘাঁহ কাটিবলৈ গৈছিল। লগত কন্যাও আছিল। ঘাঁহৰ কিছু অংশ কন্যাৰ হাতত দি উঠিওৱাৰ সময়তে হত্যাকাণ্ড সংঘটিত হয়৷

ভাৰতে হত্যাকাণ্ড সন্দৰ্ভত পাকিস্তানক প্ৰশ্ন কৰে। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই পাকিস্তানক সংখ্যালঘুসকলৰ প্ৰতি দায়িত্ব ল’বলৈ কয়।

দয়া ভিলৰ মৰণোত্তৰ পৰীক্ষা চিঞ্জোৰোৰ চিকিৎসালয়ত কৰা হয়। স্বাস্থ্য বিভাগৰ এগৰাকী মহিলা চিকিৎসকৰ মতে দয়া ভিলৰ মুৰ আৰু শৰীৰ পৃথকে অনা হৈছিল। নাক আৰু কাণ কাটি পেলোৱা হৈছিল। আৰক্ষীয়ে এতিয়ালৈকে এই অংগবিলাক বিচাৰি পোৱা নাই।

নাম উল্লেখ কৰিব নিবিচৰা মহিলা চিকিৎসকগৰাকীয়ে কয় যে মহিলাগৰাকীৰ মূৰত গভীৰ আঘাতৰ চিহ্ন আছে৷ যিটো তীক্ষ্ণ অস্ত্ৰৰ দ্বাৰা আঘাত প্ৰাপ্ত হ’ব পাৰে। স্বাস্থ্য বিভাগে মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ শৰীৰটোৰ এক ৰাসায়নিক বিশ্লেষণ কৰিছে৷ যাৰ ফলাফল এতিয়াও অহা নাই।