Local, Vocal, Global

পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত নৱ নিযুক্ত সহকাৰী অভিযন্ত্ৰাসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ কাঁহিকুছি চৌহদত আয়োজিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা সহকাৰী অভিযন্ত্ৰাসকলৰ এক পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে।
        অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে, গ্ৰামাঞ্চলৰ উন্নয়ণ সাধনৰ জৰিয়তে আমাৰ ৰাজ্য তথা দেশখনক সৰ্বাংগীন বিকাশৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভাগটোত নতুনকৈ নিযুক্তি লাভ কৰা অভিযন্ত্ৰাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। বিভাগটোত নতুনকৈ কৰ্মজীৱন আৰম্ভ কৰা ২১৮ গৰাকী সহকাৰী অভিযন্ত্ৰাসকলক আদৰণি জনায় মন্ত্ৰী ৰঞ্জিত দাসে অভিযন্ত্ৰাসকলে গ্ৰামাঞ্চলত গাঁৱৰ জনসাধাৰণৰ কল্যাণ তথা উন্নয়ণৰ বাবে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়।
            অনুষ্ঠানত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ সঞ্চালক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ সচিব মুনীন্দ্ৰ শৰ্মাই তেঁওৰ ভাষণত নৱ-নিযুক্ত সহকাৰী অভিযন্ত্ৰাসকলৰ বাবে ব্যৱস্থা কৰা এই প্ৰশিক্ষণৰ তাৎপৰ্য আৰু গুৰুত্বৰ কথা ব্যাখ্যা কৰে। তেঁও কয় যে, এই প্ৰশিক্ষণৰ জৰিয়তে সহকাৰী অভিযন্ত্ৰাসকলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ বিভিন্ন আঁচনি আৰু এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত তেঁওলোকে পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিস্তাৰিতভাৱে জ্ঞান লাভ কৰিব পাৰিব। এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ যুটীয়া সচিব দীতিমণি পেগু, অতিৰিক্ত আয়ুক্ত ৰাতুল পাঠক, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক পবিত্ৰ কলিতাকে ধৰি ভালে সংখ্যক বিষয়া উপস্থিত আছিল।