Local, Vocal, Global

পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত গুলীচালনাৰ ঘটনা !নিহত চাৰিজন…

ডিজিটেল ডেস্ক:- বুধবাৰে পুৱা পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়।বুধবাৰে ৪ বাজি ৩৫ মিনিটত সংঘটিত হোৱা ঘটনাটোত চাৰিজন জোৱান নিহত হয়।বুধবাৰে সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাটো কেনেকৈ সংঘটিত হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে,অঞ্চলটো সম্পূৰ্ণকৈ ঘেৰাও কৰি ছীল কৰা হৈছে।ষ্টেচনৰ কুইক ৰেছপঞ্চ দল সক্ৰিয় কৰা হয়। বৰ্তমান তালাচী চলাই আছে।বাঠিণ্ডাৰ এছএছপি জিএছ খুৰানাই সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি এইটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা।
সেনাই জনোৱা মতে, পুৱা প্ৰায় ৪.৩৫ বজাত সামৰিক ষ্টেচনৰ ভিতৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়।বাথিণ্ডাৰ এছ এছ পি গুলনীত খুৰানাই কয় যে নিৰাপদ কেম্পাছটোত কোনো সেনা জোৱানে আন জোৱানৰ ওপৰত গুলীচালনা কৰাৰ সম্ভাৱনা আছে।সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডে এক বিবৃতিত কয় যে অঞ্চলটো ঘেৰাও কৰি কুইক ৰিয়েকচন দলে তালাচী অভিযান চলাই আছে।
পঞ্জাৱ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে এই গুলীচালনাৰ ঘটনাটো আৰ্মি কেণ্ট বাঠিণ্ডা জিঅ’ মেছত হৈছে। আৰ্মি কেণ্টৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে।

উল্লেখ্য যে, এই সামৰিক ষ্টেশ্যনটোৰ পৰা প্ৰায় ২ দিন পূৰ্বে এটা ইনছাছ ৰাইফলসহ ২৮ টা কাৰ্টিজ নিৰুদ্দেশ হৈছিল। এই ঘটনাৰ আঁৰত একাংশ সেনা জোৱান জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

ভাৰতীয় সেনাৰ পশ্চিম কমাণ্ডে জনায়, “আজি বথিণ্ডা সামৰিক ষ্টেচনৰ ভিতৰত পুৱা প্ৰায় ০৪:৩৫ বজাত গুলীচালনাৰ কাণ্ডত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ষ্টেচন কুইক ৰিয়েকচন টিম সক্ৰিয় কৰি অঞ্চলটো ঘেৰাও কৰি ছীল কৰা হৈছে। তালাচী অভিযান চলি আছে।”পিছত জাৰি কৰা আন এটা বিবৃতিত কোৱা হৈছিল যে সেনা আৰু পঞ্জাৱ আৰক্ষীয়ে ঘটনাটোৰ যুটীয়া তদন্ত চলাই আছে।
দুদিন আগতে সন্ধানহীন হোৱা এটা আইএনএছএএছ ৰাইফল আৰু গোলাবাৰুদ ঘটনাটোত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বুলি প্ৰকাশ কৰা বাতৰিৰ ওপৰত সেনাৰ বিবৃতিত কোৱা হৈছে, “দুদিন আগতে সন্ধানহীন হোৱাৰ খবৰ পোৱা ২৮ ৰাউণ্ডৰ সৈতে এটা আইএনএছএএছ ৰাইফল জড়িত থকাৰ সম্ভাৱ্য ঘটনাকে ধৰি সকলো দিশ জানিব পৰা গৈছে।

“সূত্ৰ অনুসৰি, বিষয়াসকলৰ খেলিমেলিৰ ভিতৰত গুলীচালনা হৈছিল।
ইয়াৰ পূৰ্বে, বাথিণ্ডাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক জি এছ খুৰানাই এনডিটিভিক কৈছিল যে এটা আৰক্ষী ৰৈ আছে আৰু সেনাই এতিয়ালৈকে তেওঁলোকৰ প্ৰৱেশ ৰক্ষা কৰা নাই।