Local, Vocal, Global

নৱবৰ্ষ উদযাপনক লৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। 

নিউজ ডেস্কঃ নৱবৰ্ষক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে ৰাজ্যবাসী। নতুন বছৰক আদৰিবলৈ মাজত আৰু মাঁথো কেইটামান দিন। ইতিমধ্যে ঠায়ে ঠায়ে ২০২১ ক বিদায় দি ২০২২ ক আদৰণি জনোৱাৰ প্ৰস্তুতি চলিছে। কিন্তু নৱবৰ্ষ উদযাপনৰ সময়তে সৰ্বাধিক বৃদ্ধি পায় দুৰ্ঘটনাৰ সংখ্যা। যাৰ বাবে এইবাৰ নৱবৰ্ষ উদযাপনৰ সময়ত এজন লোককো দুৰ্ঘটনাত মৃত্যু হবলৈ নিদিয়ে বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা।

আৰু সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, ডিটিঅ’ আৰু আবকাৰী অধীক্ষসকলক ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ প্ৰাকমূহূৰ্তত ড্ৰিংক এণ্ড ড্ৰাইভৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। তেঁও উপায়ুক্ত সকলক বিশেষকৈ ৩১ ডিচেম্বৰৰ নিশা অসমৰ জিলা অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহ পৰিদৰ্শন কৰিবলৈ আৰু চিকিৎসকৰ উপলব্ধতা আৰু পথ দুৰ্ঘটনাত পীড়িতসকলৰ বাবে তাৎক্ষণিক চিকিৎসা নিশ্চিত কৰিবলৈও কয়।

মুখ্যমন্ত্রীয়ে উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত সুৰাপান কৰি গাড়ী চলোৱাৰ পৰিঘটনা প্ৰতিহত কৰিবলৈ ৰাস্তাত পৰ্যাপ্ত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলক যিকোনো আৱশ্যকতা পূৰণ কৰিবলৈ এম্বুলেন্স সাজু ৰাখিবলৈ পৰামৰ্শ দিয়ে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্রী ড০ শৰ্মাই ডি চি আৰু এছপিসকলক যিকোনো নৈ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ নদীৰ কাষত থকা বনভোজস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ কৰ্মী মোতায়েন কৰিবলৈও কয়।

তাৰোপৰি যিহেতু প্ৰতিটো জীৱন মূল্যৱান সেয়েহে তেঁও মটৰ চালকসকলক সুৰাপান কৰি গাড়ী চলোৱা কাৰ্য পৰিহাৰ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। লগতে, তেঁওলোকক সুৰাৰ প্ৰভাৱত কৰিব পৰা যিকোনো ধৰণৰ খৰধৰ গাড়ী চলোৱা পৰিহাৰ কৰিবলৈ প্ৰচাৰৰ জড়িয়তে পৰ্যাপ্ত সজাগতা সৃষ্টি কৰিবলৈও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মুখ্যমন্ত্রীৰ নিৰ্দেশনা অনুসৰি কামৰূপ (এম) জিলা প্ৰশাসনে শুক্ৰবাৰে নিশা গুৱাহাটীত ড্ৰিংকছ এণ্ড ড্ৰাইভৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানটো গনেশগুৰি আৰু চহৰৰ অন্যান্য ঠাইত চলোৱা হয়। ডিটিঅ’ হিমাংশু দাসৰ নেতৃত্বত এই অভিযান চলোৱা হয়।