Local, Vocal, Global

নিৰ্বাচনৰ গৰম বতাহ বলিছে বি টি এ ডিত

বি টি চিৰ নিৰ্বাচন স্থগিত আছে যদিও নিৰ্বাচনৰ গৰম বতাহ বলি আছে বি টি এ ডিত । বিভিন্ন স্থানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে নিৰ্বাচনত জয়গান গাবলৈ ৰণকৌশল ৰচনা কৰি থকা সময়তে সোমবাৰে কোকৰাঝাৰত যোগদান কাৰ্যসূচী আয়োজন কৰে বি পি এফে।কোকৰাঝাৰ চহৰৰ আৰোনাই ৰেষ্টুৰেণ্টত আয়োজিত অনুষ্ঠানত বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কোকৰাঝাৰ চহৰৰ  ১,২,৩,৪,৫ নং ৱাৰ্ডৰ ২৩৯ ইউ পি পি এল , বি জে পি দলৰ সমৰ্থক সকলে বি পি এফত যোগদান কৰে।  বি পি এফত যোগদান কৰা সকলো সদস্য কৰ্মীক একোখনকৈ আৰোনাই আৰু বি পি এফৰ দলীয় পতাকাৰে আদৰণি জনায় ।