Local, Vocal, Global

নিসৰ্গৰ প্ৰভাৱ। মুম্বাইত ধাৰাসাৰ বৰষুণ

সাগৰীয় ধুমুহা নিসৰ্গৰ প্ৰভাৱ। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত। প্ৰতীয়মান হৈছে যে সাগৰীয় ধুমুহাজাক ক্ৰমে ওচৰ চাপি আহিছে। দুপৰীয়া ১২.৩০ বজালৈ মুম্বাইৰ পৰা নিসৰ্গৰ দূৰত্ব ১৫০ কি. মি.। কিন্তু বিয়লিৰ ভাগত ঘণ্টাত ১২০ কি. মি. গতিৰে ধুমুহা জাকে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উপকূলীয় এলেকাত খুন্দা মৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যেই সাগৰত প্ৰায় ৬ ফুট উচ্চতাৰ লহৰৰ সৃষ্টি হৈছে।