নিবনুৱা সকলৰ বাবে ভাল খৱৰ! ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ বাবে লিখিত পৰীক্ষা।
নিউজ ডেস্কঃ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে লিখিত পৰীক্ষা। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক টুইট যোগে এই বিষয়ে সদৰি কৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ অসম আৰক্ষীত ২৪৫০ টা কনিষ্টবল (এ বি) পদৰ বাবে আনহাতে, ১৪২৯ টা কনিষ্টবল (ইউ বি) পদৰ বাবে প্ৰকাশ হৈছিল বিজ্ঞাপন।