Local, Vocal, Global

নাইজেৰিয়াৰ তেল শোধনাগাৰত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু হয় এশৰো অধিক লোকৰ

নিউজ ডেস্ক ,২৪ এপ্ৰিল :-এই বিস্ফোৰণ সংঘটিত হয় দক্ষিণ-পূব নাইজেৰিয়াৰ এটা অবৈধ তেল শোধনাগাৰত বিস্ফোৰণৰ ফলত নিহত হয় এশ জনৰো অধিক লোক লগতে বহু কেইজন লোক আহতো হয় ।

আৰক্ষীৰ তথ্য অনুসৰি, জ্বলি যোৱা কেইবাটাও মৃতদেহ মাটিত পৰি আছিল। আনহাতে আন যিসকলে সুৰক্ষাৰ বাবে দৌৰিবলৈ চেষ্টা কৰিছিল তেওঁলোকক কিছুমান গছৰ ডালত ওলমি থকা দেখা গৈছে ।

নাইজেৰিয়াৰ ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটোত শতাধিক লোক নিহত হোৱাৰ লগতে শোধনাগাৰৰ
বহুতো সম্পত্তি ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানেও জানিব পৰা হোৱা নাই।

তেল চোৰে অশোধিত তেল চুৰি কৰিবৰ বাবে পাইপলাইনত এনেধৰণৰ বিস্ফোৰণ ঘটায়।দক্ষিণ-পূব নাইজেৰিয়াৰ বিভিন্ন ঠাইত অবৈধভাৱে খাৰুৱা শোধন সচৰাচৰ হয় , এই তেল তেওঁলোকে ক’লা বজাৰত বিক্ৰী কৰিবলৈ পৰিশোধ কৰে ।