নম এপৰ জৰিয়তে বিজেপিৰ পুঁজিলৈ অনুদান প্ৰকল্প ঘোষণা
ভাৰতীয় জনতা পাৰ্টীয়ে আজি জনসাধাৰণৰ সমৰ্থন বিচাৰি এক বিশেষ ক্ষুদ্ৰ অনুদান অভিযান আৰম্ভ কৰে। এই অভিযান অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অৰ্থাৎ ২৫ ডিচেম্বৰৰ পৰা ১১ ফেব্ৰুৱাৰী লৈকে চলিব। এই প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ কথা ঘোষণা কৰি বিজেপিৰ মূৰব্বী জেপি নাড্ডাই কয় যে, নমো এক্সক্লুচিভ নামৰ এটা এপৰ জৰিয়তে ৫ টকাৰ পৰা ১০০০ টকালৈ অৱদান আগবঢ়াব পাৰিব। বিজেপিৰ মূৰব্বীজনে টুইটযোগে কয় যে “মই বিশ্বৰ সৰ্ববৃহৎ জাতীয়তাবাদী আন্দোলনক শক্তিশালী কৰিবলৈ মানুহৰ আশীৰ্বাদ বিচাৰো।” এই বিজ্ঞপ্তিত প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ তিনিটা মুখ্য কাৰণো তালিকাভূক্ত কৰা হৈছে। এই ঘোষণাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন মূৰব্বী অমিত শ্বাহেও নতুন প্ৰচাৰৰ অনুদানৰ বিষয়ে টুইটযোগে কয় যে, নমো এপৰ দান মডিউলৰ জৰিয়তে অৱদান আগবঢ়াব পাৰে।ইয়াৰ লগতে সকলো সমৰ্থক আৰু কৰ্মকৰ্তাসকলক ইয়াৰ বাবে দান আৰু অনুপ্ৰাণিত কৰিবলৈ সকলোকে আহ্বান জনায়।
উল্লেখ্য যে অহাবছৰ দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন। এনে অভিযানে কি প্ৰভাৱ পেলায় এয়া হ’ব লক্ষণীয়।