Local, Vocal, Global

নতুন শিক্ষামন্ত্ৰীৰ ঘোষণা :  এসপ্তাহৰ ভিতৰত বিতৰণ কৰা হ’ব স্কুটীসমূহ

নতুন শিক্ষামন্ত্ৰীৰ ঘোষণা :  এসপ্তাহৰ ভিতৰত বিতৰণ কৰা হ’ব স্কুটীসমূহ

আজি নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ৰাজ্যৰ নৱ নিৰ্বাচিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু উপস্থিত হয়।  শিক্ষামন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁথনিৰ বুজ লোৱাৰ লগতে কাম খৰতকীয়াকৈ কৰাৰ নিৰ্দেশ দিয়ে।

পৰিদৰ্শনৰ সময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয়খনত খালী হৈ থকা সকলো পদতে শীঘ্ৰে নিযুক্তি দিয়াৰ কথা অৱগত কৰে।

কভিড পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি শিক্ষা বিভাগটো সম্পূৰ্ণ ডিজেটেল বিভাগ হিচাপে চলোৱাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে ৷ লগতে অনলাইনত সকলো কিতাপ উপলব্ধ কৰাৰ সিদ্ধান্তৰ কথাও জনায়।

এসপ্তাহৰ ভিতৰতে বিতৰণৰ বাবে থকা স্কুটীসমূহ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিব বুলি প্ৰকাশ কৰে।

আইনৰ আওতাত থকা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহো শীঘ্ৰে প্ৰাদেশীকৃত কৰাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী গৰাকীৰ।