Local, Vocal, Global

নগাঁৱৰ এন্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশনা

নিউজ ডেস্ক: নগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এন্টি নাৰ্ক’টিক স্কোৱাড ভংগৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এই নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৱা ২২ জানুৱাৰীত আনন্দ মিশ্ৰ নেতৃত্বাধীন আৰক্ষী বাহিনীৰ ভুলৰ বাবেই গুলীবিদ্ধ হ’ব লগা হৈছিল ছাত্ৰনেতা কীৰ্তিকমল বৰা। এনকাউণ্টাৰত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছিল কীৰ্তিকমল বৰা। এই ঘটনা তদন্তৰ বাবে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠন কৰি দিয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনতেই সকলো কথা স্পষ্ট হৈ পৰে। বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত কৰা এনকাউন্টাৰসমূহকো সন্দেহৰ চকুৰে চাবলৈ বাধ্য হৈছে তদন্ত সমিতিয়ে।

মুখ্যমন্ত্ৰীয়ে ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া, সশস্ত্র শাখাৰ উপ-পৰিদৰ্শক প্রদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু উপ-পৰিদৰ্শক প্রদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক’টিক স্কোৱাডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগক নিৰ্দেশনা জাৰি কৰিছে