Local, Vocal, Global

নগাঁৱত আনন্দ মিশ্ৰ বিহীন প্ৰথমটো এনকাউণ্টাৰ

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : কৃৰ্তিকমল বৰা এনকাউণ্টাৰৰ পিছতেই নগাওঁ আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্নবোধক হৈ থকাৰ সময়তে আকৌ এনকাউণ্টাৰ নগাওঁ আৰক্ষীৰ। জুৰিয়াৰ বালুগুটিয়াত কুখ্যাত ড্ৰাগছ মাফিয়াক গুলিয়ালে নগাওঁ আৰক্ষীয়ে। চাহজাহান আলি ওৰফে চাজু নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত ড্ৰাগছৰ অভিযান চলাইছিল নগাওঁ আৰক্ষী আৰু জুৰিয়া আৰক্ষীয়ে। বুজন পৰিমাণৰ ড্ৰাগছ মজুত ৰাখিছিল চাহজাহান নামৰ ধৃত ড্ৰাগছ মাফিয়াটোৱে । আটক কৰি আনোতেই এজন আৰক্ষীক গতিয়াই পলাব লওঁতেই গুলি মাৰিব বাধ্য হয় নগাওঁ আৰক্ষীয়ে। গুলীবিদ্ধ চাহজাহান আলীক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।