ধ্বংসস্তুপত পৰিণত দিখৌৰ বুকুৰ ইতিহাস প্ৰসিদ্ধ কপিকুলযুক্ত দলং
ধ্বংসস্তুপত পৰিণত হৈছে দিখৌৰ বুকুৰ ইতিহাস প্ৰসিদ্ধ কপিকুলযুক্ত দলংখন ৷ অৱহেলা আৰু উপেক্ষাৰ পৰিপেক্ষিতত ৮৬ বছৰীয়া বহু সোণালী ইতিহাসৰ সাক্ষী হৈ ৰোৱা দলংখনৰ চাৰিটা খুঁটা পঁচি ধ্বংসস্তুপত পৰিণত হৈছে ৷
ব্ৰেইখ ৱেইট নামৰ এটা ব্ৰিটিছ কোম্পানীয়ে স্বাধীনতাৰ ১২ বছৰ পূৰ্বে নিৰ্মাণ কৰা ভাৰতৰ দ্বিতীয়খন কপিকলযুক্ত দলংখন যিকোনো মূহুৰ্ততে নদীৰ বুকুত খহি পৰিব পাৰে ৷
১৯৩৫ চনত ব্ৰিটিছ অভিযন্ত্ৰা জে এম কৰ্কচেজে অসমীয়া অভিযন্ত্ৰা হৰিপ্ৰসাদ বৰুৱা দেৱৰ সহযোগত আমগুৰি ঘাটৰ পৰা ৰংপুৰ নগৰৰ সৈতে যোগাযোগ স্থাপন কৰিবৰ বাবে দিখৌ নৈ বুকুত এখন কপিকলযুক্ত দলং নিৰ্মাণ কৰিছিল ৷
আজি (আটাছু)শিৱসাগৰ জিলা সমিতিয়ে দলংখন পুনৰ মেৰামতি কৰি আটক ধুনীয়াকৈ পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ শিৱসাগৰ জিলাৰ উপায়ুক্তক দাবী জনায় ৷