Local, Vocal, Global

দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

পংকজ সৰকাৰ,মঙ্গলদৈ,২ ফেব্ৰুৱাৰীঃ দৰং জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ভূমি বেদখলৰ বিৰুদ্ধে অভিযোগ কৰিছে।যুৱ কংগ্ৰেছৰ সভাপতি শ্বেইখ আব্দুলাৰ বিৰুদ্ধে ওলাই আহিছে শ শ লোক। মঙ্গলদৈ থানাত উপস্থিত হৈ আব্দুলাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে এইসকল লোক।
                     উল্লেখ্য যে, মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত ধৰাইখাটি চৰত প্ৰায় ২০০ বিঘা ভূমিত বছৰ বছৰ ধৰি একাংশ স্থানীয় লোকে খেতি কৰি আহিছিল। কিন্তু সেই কৃষিভূমিত বেদখল কৰাৰ বাবে উঠি পৰি লাগিছে যুৱ কংগ্ৰেছৰ সভাপতি তথা মোৱামাৰী-পুঠিমাৰী জিলা পৰিষদৰ সদস্য শ্বেইখ আব্দুলাই। তাৰোপৰি গুণ্ডাবাহিনী ব্যৱহাৰ কৰি দা-লাঠি দেখুৱাই ভয় প্ৰদৰ্শন কৰাৰো অভাযোগ দিয়ে।তাৰপিছতেই মঙ্গলদৈ থানাত অভিযোগ দাখিল কৰে এইসকল ভুক্তভোগী লোকে।