Local, Vocal, Global

দ্ৰুত গতিত আগ বাঢ়িছে দেশৰ সৰ্ববৃহৎ ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ কাম

ধুবুৰী – ফুলবাৰী দলং হৈছে উত্তৰ-পূৱ ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মাণ এখন দলং। বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মীয়মাণ দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয় ফুলবাৰীৰ লগত সংযুক্ত কৰিব ৷ চৰকাৰে ধুবুৰী – ফুলবাৰী – তুৰা নতুনকৈ ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচীৰ অধীনত উত্তৰ-পূৱ অঞ্চলৰ বাণিজ্যিক বিকাশৰ বাবে আৰম্ভ কৰিছে দেশৰ ভিতৰত সৰ্ববৃহৎ দলংৰ কাম ৷ নিৰ্মীয়মাণ ধুবুৰী-ফুলবাৰী দলংখনৰ দৈৰ্ঘ প্ৰায় ২০ কিলোমিটাৰ হ’ব । দলংখনৰ নদী অংশত থাকিব ১২.৬ কিল’মিটাৰ। উক্ত দলং নিৰ্মাণৰ কামৰ নিবিদা লাভ কৰিছে L&T নামৰ এটা কোম্পানীয়ে ৷ দিনে – নিশাই অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি দলং নিৰ্মাণৰ কাম দ্ৰুত গতিত চলাই আছে আৰু ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা কৰা হৈছে। বিগত বছৰ বছৰ ধৰি ধুবুৰীৰ দক্ষিণ পাৰৰ লোক সকলে ব্ৰহ্মপুত্ৰ নদী পথত ইঞ্জিন চালিত নাওৰে ধুবুৰীলৈ যাতায়ত কৰি আহিছে যদিও দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত পূৰ্ণ গতিত আগবাঢ়িছে দলং নিৰ্মাণৰ কাম ।

উল্লেখ যে ধুবুৰী আৰু বাংলাদেশ সীমান্তৱৰ্তী ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ দলংখনে উত্তৰ-পূৱ অঞ্চলৰ অসম, মেঘালয়ৰ বাণিজ্যিক বিকাশৰ লগতে বাংলাদেশকো উপকৃত কৰিব।

সমান্তৰালভাৱে ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাইজে বাণিজ্যিক ক্ষেত্ৰত লাভান্বিত হৈ পৰিব, কাৰণ যাতায়ত ব্যৱস্থা সুচল হৈ পৰিব ৷

স্বাধীনতাৰ পিছৰে পৰা জলপথৰে ইঞ্জিন চালিত নাওৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুৱেদি পাৰাপাৰ হৈ আহিছে যত ৭/৮ ঘণ্টা সময় প্ৰয়োজন হৈছিল কিন্তু দলং খন নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে এক ঘটনাত যাতায়ত কৰিব পাৰিব ৷

দলংখন নিৰ্মাণ হৈ উঠিলে ২০৩ কিল’মিটাৰ নদী পথ ২০ কিল’মিটাৰলৈ হ্ৰাস পাব।
২০২১ চনটো অসম – মেঘালয়ৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হব কাৰণ এই চনতে অসম আৰু মেঘালয়বাসীয়ে লাভ কৰিছে দেশৰ সৰ্ববৃহৎ দলং ৷