দেৰগাঁৱত আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি ছাত্ৰীৰ আত্মহনন

নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰীঃ দেৰগাঁৱত আৰক্ষীৰ আতিশয্য সহিব নোৱাৰি ছাত্ৰীৰ আত্মহনন। দেৰগাঁও একাদশ আৰক্ষী বাহিনীৰ কণিষ্টবল বীৰেণ শইকীয়াৰ জীয়ৰী কৃষ্ণাক্ষী শইকীয়াই শনিবাৰে নিজা গৃহত চিপ লৈ আত্মহনন কৰে। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে পল্লৱ শইকীয়া নামৰ আৰক্ষীজনৰ মানসিক নিৰ্যাতনৰ বলি হৈছিল ছাত্ৰীগৰাকী। মৃত্যুৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে ১১ পৃষ্ঠা জোৰা চুইচাইড টোকা লিখি থৈ যোৱাৰ লগতে আৰু পল্লৱ শইকীয়াই দিয়া অশ্লীল মেছেজ। এই ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে ডেৰগাঁও থানাত গোচৰ তৰিছে।