Local, Vocal, Global

দেশত বাঢ়িল এশগৰাকী হিন্দু

‘হিন্দু খটৰে মে হ্যে’ বুলি বিজেপিয়ে শ্ল’গান দিলেও ভাৰতত এতিয়া হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছে একাংশ লোক৷ হিন্দুত্ববাদৰ জোৱাৰৰ সময়তে ১০০গৰাকী লোকে হিন্দু ধৰ্মলৈ উভতি আহিল। উত্তৰ প্ৰদেশৰ এগৰাকী হিন্দুত্ববাদী নেতাই দাবী কৰা মতে, আন ধৰ্মৰ এশগৰাকী লোকে পুনৰ হিন্দু ধৰ্মলৈ উভতি আহিছে। উত্তৰপ্ৰদেশ ৰাজ্যৰ খুৰ্জা নামৰ ঠাইৰ ২০টা পৰিয়ালৰ মুঠ এশগৰাকী লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰে। বিশ্ব হিন্দু পৰিষদে অনুষ্ঠিত কৰা ঘৰ ৱাপচী কাৰ্যসূচীৰ আন ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম লয় এশগৰাকী লোকে৷ স্থানী বিধায়ক মৃনাক্ষি সিঙে কয় আন আন ধৰ্মৰ ২০টা পৰিয়ালৰ ১০০ গৰাকী লোকে হিন্দু তথা সনাতন ধৰ্ম গ্ৰহণ কৰিছে৷