দুটা দিনত দেশত বৃদ্ধি পালে ৫০ হাজাৰ ক’ৰণা সংক্ৰমণ
![](https://mynewsne.com/wp-content/uploads/2022/01/coronavirus-2-750x430.jpg)
নিউজ ডেস্কঃ ৩১ ডিচেম্বৰ,১ জানুৱাৰীত দেশত বৃদ্ধি পালে ক’ৰণাৰ ভয়াবহ ৰূপ।বিগত এই দুটা দিনত ভাৰতত ব্যাপক গতিত বৃদ্ধি পালে অমিক্ৰণৰ লগতে ক’ৰণা। ৩১ডিচেম্বৰ আৰু ১ জানুৱাৰীত দেশত ৫০০ ৰো অধিক লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণ।আনহাতে দেশত অমিক্ৰণৰ সংখ্যা হৈছে ১৫২৫ গৰাকী।
উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত দেশত ২৭,৫৫৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰণাৰ সংক্ৰমণ।মৃত্যু হৈছে ২৮৪ গৰাকী।বৰ্তমান ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ১,২২,৮০১ গৰাকী।