দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত নিশা গুলী চালনা-চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
নিউজ ডেস্ক, ১ ফ্ৰেব্ৰুৱাৰীঃদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত যোৱানিশা বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত গুলীয়াগুলি। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ এন চি আই নলাৰ সমীপত নিশা চোৰাং কাঠ মাফিয়াই হাতত মাৰণাস্ত্ৰ আৰু অত্যাধুনিক মেচিনৰ জৰিয়তে কাঠ কাটি থকাৰ তথ্য লাভ কৰে কঠালগুৰি খণ্ড বিষয়া কাৰ্যালয়ৰ এটা টহলদাৰী গোটে। টহলদাৰী গোটে কাঠ কটাৰ সম্ভেদ লাভ কৰাৰ পিছতেই জয়পুৰ আঞ্চলিক বিষয়া পুষ্পধৰ বৰগোহাঁইক খবৰ দিয়াত বিষয়াগৰাকীৰ নিৰ্দেশত ফৰেষ্ট গাৰ্ড অজিত গগৈ আৰু ৰাকেশ সিংহৰ নেতৃত্বত যোৱা এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতেই বনকৰ্মীৰ দলটোলৈ লক্ষ্য কৰি কাঠ মাফিয়াৰ দলটোৱে গুলীবৰ্ষণ কৰে। প্ৰত্যুত্তৰত বন বিভাগৰ দলটোৱেও প্ৰায় পাঁচ ৰাউণ্ড গুলী চলোৱাত এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মাফিয়াৰ দলটো পলাই যাবলৈ সক্ষম হয়।
ইফালে এই সংঘর্ষত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও মাফিয়াৰ দলটোৰ পৰা এটা হস্তনিৰ্মিত বন্দুক, আঠ জাঁই কাৰ্টিজ, এটা কাঠ ফলা মেচিন আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে কঠালগুৰি বন বিভাগৰ কাৰ্যালয়টোত বন বিভাগৰ মাত্ৰ দুজন ফৰেষ্ট গাৰ্ড আৰু পেট্ৰ’লিং প্ৰজেক্টৰ দুজন বনকৰ্মী থকাৰ বিপৰীতে আওপুৰণি এটা থ্ৰী নট থ্ৰী ৰাইফলৰ বাদে অত্যাধুনিক মাৰণাস্ত্ৰ বুলিবলৈ একোৱেই নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ বৈচিত্ৰ আৰু জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত খণ্ড বন বিষয়াৰ কাৰ্যালয়টোত অত্যাধুনিক মাৰণাস্ত্ৰ প্ৰদান কৰিবলৈ কাৰ্যালয়টোৰ বনকৰ্মীসকলে উৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। যাৰ ফলত এইসকল সীমিত বনকৰ্মীয়ে নিতৌ মৰণত শৰণ দি দিনে–নিশাই সুৰক্ষা প্ৰদান কৰিব লাগে বিশাল ৰাষ্ট্ৰীয় উদ্যানখন।
বিগত বৰ্ষৰ শেষৰ ফালে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ শুকানজুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা বাসৱনলাটো বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল, য’ত কাঠ মাফিয়াই ব্যৱহাৰ কৰা এজনী মাইকী হাতী থিতাতে মৃত্যু হৈছিল। কিন্তু আশ্চৰ্যকৰ কথা যে এই ঘটনাৰ পিছতো কোনো ধৰণৰ শিক্ষা নল’লে বিয়াগোম বন বিভাগে। সময় থাকোতেই যদি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচ’ৰাত থকা খণ্ড বন বিষয়াৰ কাৰ্যালয় কেইটাত অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বনকৰ্মী নিযুক্তি প্ৰদান নকৰে তেন্তে এটা সময়ত হয়তো নিঃশেষ হৈ পৰিব জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন।