Local, Vocal, Global

দক্ষতা বিকাশৰ নামত প্ৰকৃততে হৈছে কি?এপিডব্লিউৰ অভিযোগ

গুৱাহাটী:অসম চৰকাৰৰ উদ্যোগত ২৩ ডিচেম্বৰত হৈ যোৱা নিয়োগ মেলাই ৰাজ্য জুৰি সৃষ্টি কৰিছিল বিতৰ্কৰ।লক্ষাধিক নিবনুৱাক প্ৰতাৰণা কৰাৰো অভিযোগ উঠিছিল চৰকাৰৰ বিৰুদ্ধে।এই নিয়োগ মেলাৰ দ্বাৰা চৰকাৰে কোটি কোটি টকাৰ লুণ্ঠন ৰাজৰ অভিযোগ উত্থাপন কৰিছে  আছাম পাব্লিক ৱৰ্কছে।কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ধন ব্যয় কৰা দেখুৱাবলৈ নিয়োগ মেলা পতা হৈছিল বুলি অভিযোগ তুলিছে এপিডব্লিউয়ে।

নিয়োগমেলাত সৃষ্টি হোৱা খেলি মেলি প্ৰক্ৰিয়াত দুজন বিষয়াক বিভাগীয় মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে  নিলম্বন কৰি বিভাগীয় মন্ত্ৰীৰ গাত চেকা নলগাবলৈ এনে কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে।কেন্দ্ৰীয়  চৰকাৰৰ কৌশল বিকাশ, দক্ষতা বিকাশ আদি আঁচনিৰ নামত ১,২০০ কোটি টকা আবন্টন পাইছিল ৰাজ্য চৰকাৰে।ইয়াৰে “ASDM”এ লাভ কৰিছিল ৪৮৭কোটি টকা।”Assam building and others construction workers board”এ ২০১৮ বৰ্ষত যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ নামত ৭৫ কোটি টকা লাভ কৰিছিল।কিন্ত প্ৰশিক্ষণ ৰ নামত ভেকোভাওনা চলাই আবন্তিত চৰকাৰী ধনৰ লুণ্ঠন চলালে বুলি অভিযোগ তোলে।ইয়াৰ উপৰি দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত বিশেষ কেইটামান গোষ্ঠীয়ে চিণ্ডিকেত চলাই অহাৰো অভিযোগ তোলে ।

ASDM ৰ তদানীন্তন MD আনন্দ প্ৰকাশ তিৱাৰীৰ দিনতে সংঘটিত হৈছিল এই ৪৮৭কোটি টকীয়া বিত্তীয় খেলিমেলি।কিন্ত মন্ত্ৰী পাটোৱাৰীৰ বিভাগে এই ধনৰাশি সঠিক ব্যৱহাৰৰ হিচাপ এতিয়াও দিবলৈ সক্ষম নোহোৱাৰ কথা জানিবলৈ দিয়ে।বিগত ৬ বছৰে কিমান প্ৰশিক্ষাৰ্থী দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈ নিযুক্তি পালে তাৰো বিভাগীয় মন্ত্ৰীৰ হাতত হিচাপ নাই বুলি কয় সংবাদ মেল যোগে।

Assam state rural livelihood missing ৰ নামত ব্যয় কৰা  হৈছে ৫৬৬ কোটি, কিন্ত দক্ষতা বিকাশৰ নামত অহা এই ধনৰাশিৰে কিমান উন্নয়ন হৈছে তাক লৈ প্ৰশ্ন হৈছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী পাটোৱাৰীৰ এই বিভাগৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় সংবাদমেলত।