Local, Vocal, Global

জৰ্জ ফ্লয়ড হত্যাকাণ্ডৰ পুনৰাবৃত্তি, কৃষ্ণাংগ হত্যাই কঁপাইছে জৰ্জিয়া

*আমেৰিকাত জৰ্জ ফ্লয়ড হত্যাৰ পুনৰাবৃত্তী।
*জৰ্জিয়াত আন এজন কৃষ্ণাংগক গুলীয়াই মাৰিলে আৰক্ষীয়ে।
*জৰ্জিয়াৰ আটলান্টাত গ্ৰেপ্তাৰ কৰা ৰিছাৰ্ড ব্ৰুকছ নামৰ ২৭ বছৰীয়া যুৱক এজনক আৰক্ষীয়ে শীতল মস্তিস্কৰে গুলীওৱাৰ ফলত হস্পাটালত মৃত্যু হয় যুৱকজনৰ।
*জৰ্জ ফ্লয়ডৰ হত্যাক লৈ বৰ্ন-বৈষম্য বিৰোধী প্ৰতিবাদত কম্পিত যুক্তৰাষ্ট্ৰত ৰিছাৰ্ডৰ হত্যাৰ পাছতে পুনৰ সৃষ্টি হৈছে প্ৰতিবাদৰ জোৱাৰ।
*ব্যৱসায় প্ৰতিষ্ঠান আদি জলাই দিয়াৰ লগতে বিভিন্ন স্থানত পথ অৱৰোধেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে প্ৰতিবাদকাৰীয়ে।*ইতিমধ্যে কৃষ্ণাংগ হত্যাৰ এই দ্বিতীয়টো ঘটনাৰ পাছতে আটলান্টাৰ আৰক্ষী বিভাগৰ মুৰব্বী এৰিকা শ্বিল্ডছে পদত্যাগ কৰাৰ লগতে ৰিছাৰ্ডৰ হত্যাৰ দুই অভিযুক্তক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।