Local, Vocal, Global

‘জাইকা’ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ তদন্ত

দিছপুৰ,৫ ফ্ৰেব্ৰুৱাৰীঃ অসম চৰকাৰে এক অধিসূচনা যোগে ‘জাইকা’ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্প সমন্ধীয় অভিযোগসমূহ তদন্ত কৰিবলৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক নিযুক্ত দিছে। সেই অনুসৰি তদন্তকাৰী বিষয়াই অধিসূচনা জাৰি কৰাৰ সাত দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।