Local, Vocal, Global

জন্মদিনৰ সুৰাৰ পাৰ্টীত ভাগ ল’বলৈ গৈ যুৱকৰ মৃত্যু

নিউজ ডেস্ক,১৯ ফ্ৰেব্ৰুৱাৰীঃ জন্মদিনৰ সুৰাৰ পাৰ্টীত ভাগ ল’বলৈ গৈ এজন যুৱকে পেটত সুৰাৰ বটল ভৰাই অকাল মৃত্যুক সাৱটিবলগীয়া হয়। এই মৰ্মান্তিক ঘটনাটো গুৱাহাটী চান্দমাৰী থানাৰ অন্তৰ্গত শিলপুখুৰীৰ হাউচিং ক’লনীৰ শাস্ত্ৰীপথত সংঘটিত হয়। অৱশ্যে পৰিয়ালৰ লোকে যুৱকজনক সতীৰ্থ বন্ধুৱে পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তিনিজন বন্ধুক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে। ইয়াৰ পিছতেই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছ লৈ প্ৰেৰণ কৰা হয়।