Local, Vocal, Global

জনপ্ৰতিনিধিক কঢ়িয়াবলৈ ক্ৰয় ৫ লাখ টকীয়া গ’ল্ফ কাৰ্ট

নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ চালে চকুৰোৱা পৰিৱৰ্তন অসম বিধানসভা চৌহদত। এইবাৰ অসম বিধান সভা চৌহদলৈ আহিল গল্ফ খেলত ব্যবহাৰ কৰা গল্ফ কাৰ্ট। শুকুৰবাৰে অসম বিধানসভাৰ চৌহদলৈ আহি পালে ৩৫ লাখ টকীয়া পাঁচখনকৈ গল্ফ কাৰ্ট।

উল্লেখযোগ্য যে ১৪ মাৰ্চৰ পৰা অসম বিধানসভাৰ অধিৱেশনৰ। অধিৱেশনৰ পূৰ্বে ৩৫ লাখ টকা খৰচ কৰি পাঁচখনকৈ গল্ফ কাৰ্ট ক্ৰয় কৰি আনিছে অসম বিধানসভা সচিবালয়ে। জানিব পৰা মতে আৰু কেইবাখনো গল্ফ কাৰ্ট দুই এদিনতে আহি পাব। এই গল্ফ কাৰ্টত বহাই বিধায়কসকলক অনা নিয়া কৰা হ’ব বিধানসভাৰ অধিৱেশনলৈ। পূৰ্বৰ দৰে বিধায়কসকলে নিজৰ গাড়ীৰে অহা যোৱা কৰিব নালাগে অধিৱেশনলৈ।

উল্লেখযোগ্য যে পূৰ্বৰে পৰা ট্ৰেভেলাৰকে ধৰি কেইবাখনো বাহন আছে বিধানসভাত। ইয়াৰ পাছতো লক্ষ লক্ষ টকা খৰচ কৰি নতুনকৈ গল্ফ কাৰ্ট ক্ৰয় কৰাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে অসম বিধানসভাৰ চৌহদৰ বিধায়ক নিৱেশৰ পৰা বিধানসভাৰ সদন কক্ষলৈ খোজ কাঢ়ি আহিব পৰা দূৰত্ব। তাৰ পাছতো বিধায়কক সদনলৈ আনিবৰ কাৰণে ৩৫ লাখ টকা খৰচ কৰি কিয় গল্ফ কাৰ্ট কিনাৰ প্ৰয়োজনীয়তা আহি পৰিল তাক লৈ এতিয়া ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে?