জনতাভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল-সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা
দিশপুৰ,৮ ফ্ৰেব্ৰুৱাৰীঃ আজি জনতাভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আগন্তুক ২০২২-২৩ বৰ্ষৰ বাজেট সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি আগন্তুক বাজেটত ৰাজ্যৰ আন্তঃগাঁঠনি উন্নয়ণৰ ওপৰত দিয়া হ’ব বুলি উল্লেখ কৰে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, ক’ভিডৰ পিছত ভাঙি যোৱা অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাজেটত বিশেষ পৰিকল্পনা কৰা হৈছে।এই সংবাদমেলত স্বাস্থ্য আৰু শিক্ষাখণ্ডক আগুৱাই নিয়াৰো পৰিকল্পনা কৰে।
উল্লেখ্য যে, বাজেটত যিমান টকা ধাৰ্য কৰা হ’ব সেই টকা বিভাগসমূহক সঠিকভাৱে খৰচ কৰিবলৈ বিত্ত বিভাগৰ পৰা কঠোৰ নিৰ্দেশ দিয়াৰ লগতে এখন পূৰ্ণাঙ্গ বাজেটো দাখিল কৰা হ’ব বুলি উল্লেখ কৰে। তাৰোপৰি উন্নয়ণৰ বাবে আৱণ্টিত ধন আৰু সেই ধন মুকলি কৰি দিয়া দুয়োটা কাৰ্যৰ মাজত সামঞ্জস্য ৰাখি বাজেটখন দাখিল কৰা হ’ব বুলিও মন্তব্য কৰে। যিহেতু এইবাৰ বিত্ত বিভাগে ‘New financial architecture’ প্ৰস্তুত কৰিছে।গতিকে এতিয়াৰে পৰা বিত্ত বিভাগত পৰি নাথাকিব কোনো ফাইল।বন বিভাগৰ কৰ এতিয়াৰে পৰা এটা উৎসৰ জৰিয়তে কৰ্তন দিয়া হ’ব।ট্ৰেজাৰী অফিচত দিব লাগিব পোনপটীয়াভাৱে চালান।এই সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত কয় যে,৩১মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ নহ’ব পাৰে ১ লাখ নিযুক্তি প্ৰক্ৰিয়া। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব বুলিও উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।এই বাজেটৰ জৰিয়তে ৰাজ্যৰ উন্নয়ণৰ বাবে ৰাজ্যত মূলধনী ব্যয়বৃদ্ধিৰ বাবে পৰিকল্পনা কৰা হৈছে।ইয়াৰোপৰি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফৰ বাবে চৰকাৰে ৰাজ্যৰ ২৪লাখ মহিলাক টাৰ্গেট কৰিছে বুলিও এই সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।ইয়োৰোপৰি আজি জনতা ভৱনত আগন্তুক ২০২২-২৩ বৰ্ষৰ বাজেট সম্পৰ্কত ৰাজ্যবাসীৰ পৰা উদ্ভাৱনিমূলক সু-দিহা পৰামৰ্শ বিচাৰি বিত্ত বিভাগে এটা ইমেইল আইদি মুকলি কৰে।