Local, Vocal, Global

ছট্টিশগড়ত মাওবাদীৰ আক্ৰমণ

নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ শনিবাৰে ছট্টিশগড়ত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) এজন জোৱান নিহত হয় আৰু এজন জোৱান আহত হয়।
                  ছট্টিশগড়ৰ বিজাপুৰ জিলাৰ টিম্মাপুৰ গাঁৱত পুৱা প্ৰায় ৯.৩০ বজাত এই সংঘৰ্ষ সংঘটিত হৈছিল। মৃত জোৱানজন ঝাৰখণ্ডৰ শান্তি ভূষণ তিৰ্কী আৰু আহত জোৱানজন আপ্পাৰাভ বুলি চিনাক্ত কৰা হৈছে।
       খবৰ অনুসৰি চিআৰপিএফৰ ১৬৮ তম বেটেলিয়নৰ এটা দলে পথ সুৰক্ষা কৰ্তব্যৰত অৱস্থাত বাহিৰত থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।