Local, Vocal, Global

চৰকাৰৰ সাপ্তাহিক কেবিনেটত গ্ৰামাঞ্চলৰ বাবে সুখবৰ

নিউজ ডেস্ক, ২ ফ্ৰেব্ৰুৱাৰীঃ জনতা ভৱনৰ সাপ্তাহিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই।আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমূহৰ বিষয়ে অৱগত কৰে সংবাদ মাধ্যমৰ আগত। পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই প্ৰকাশ কৰা অনুসৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত। তাৰভিতৰত গ্ৰামাঞ্চলৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়-৯৫৮ কোটি টকাৰ ৰাজ্যৰ ১১৪টা মথাউৰিৰ ওপৰত পকী পথ আৰু ৬খন দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ইয়াৰ জৰিয়তে প্ৰায় ১ হাজাৰ কিলোমিটাৰ মথাউৰি সামৰি লোৱা হ’ব।লগতে মথাউৰিৰ সংৰক্ষণ হ’ব।ইয়াৰ যোগেদি অঞ্চলসমূহৰ উন্নয়ণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।