Local, Vocal, Global

চৰকাৰী স্কুলৰ ফলাফলক লৈ সুখী শিক্ষামন্ত্ৰী, কাইলৈ শিক্ষা বিভাগৰ বিশেষ আলোচনা

142

কৰ’নাৰ আতংকৰ মাজতে আজি প্ৰকাশ পালে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। দেখা গৈছে এইবেলি মফচলীয়া অঞ্চলৰ তথা চৰকাৰী বিদ্যালয় সমূহৰ পৰাই আহিছে বেছিভাগ ভাল খবৰ। শীৰ্ষ ১০ টা স্থানত জিলিকি উঠা ৪২ শিক্ষাৰ্থীৰো বহুখিনি চৰকাৰী স্কুলৰ। চৰকাৰী স্কুলৰ শিক্ষাৰ্থীৰ এই সাফল্যই উৎসাহিত কৰিছে শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। উজনি অসম ভ্ৰমণৰত শিক্ষা মন্ত্ৰীয়ে আজি ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ দর্শনকালত সাংবাদিকৰ আগত এই বিষয়ে ব্যক্ত কৰে। তেওঁ কয় যে প্ৰদেশীকৃত বিদ্যালয় সমূহৰ পৰাই আহিছে বেছিভাগ ভাল খবৰ। স্থানপ্ৰাপ্ত সকলৰ তালিকা চালেও দেখা যায় যে চৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল। এয়া নিঃসন্দেহে আশাৰ খবৰ। কৃতি শিক্ষাৰ্থী সকলক অভিনন্দন জনায় শিক্ষামন্ত্ৰীয়ে।  লগতে শিক্ষামন্ত্ৰী ডঃ শৰ্মাই জনায় যে দেওবাৰ অৰ্থাৎ কাইলৈ গুৱাহাটীত শিক্ষা বিভাগৰ এখন বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে। ইয়াতেই আলোচনা কৰা হ’ব কৰ’নাসৃষ্ট প্ৰত্যাহ্বানৰ মাজত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী  কর্মসূচী কিদৰে আগবঢ়াই নিয়া হ’ব। কলেজ সমূহত নামভৰ্ত্তি প্ৰক্ৰিয়া আদি সন্দৰ্ভতো বিশদ আলোচনা হ’ব বৈঠকত।