Local, Vocal, Global

চেন্নাইত দুই অসমৰ শিশুৰ ৰহস্যজনক হত্যা…

এক শোকাৱহ ঘটনা সংঘটিত হৈছে চেন্নাইত৷
চেন্নাইৰ এটা ঘৰত ৰহস্যজনক ভাৱে সংঘটিত হৈছে এক হত্যাকাণ্ড
অসমৰ কৰিমগঞ্জৰ দুই শিশুৰ ৰহস্যজনক হত্যা সংঘটিত হৈছে চেন্নাইৰ এটা ঘৰত ৷
ৰহস্যজনক পৰিস্থিতিত অসমৰ কৰিমগঞ্জৰ এজন ৪ বছৰীয়া ল’ৰা আৰু তেওঁৰ ২ বছৰীয়া ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে চেন্নাইৰ এই ঘৰটোৰ পৰা৷
তথ্য অনুসৰি, দুই শিশুৰ লগতে তেওঁলোকৰ মাতৃকো সংকতজনক অৱস্থাত উদ্ধাৰ কৰা হয়৷
জানিব পৰা মতে, ৪ বছৰীয়া শিবা আৰু ২ বছৰীয়া ৰীমাৰ মৃতদেহ এটা বন্ধ কোঠাৰ ভিতৰত পোৱা গৈছিল।
উল্লেখযোগ্য যে, মৃত শিশু দুটিৰ পিতৃ চাকৰি বিচাৰি পৰিয়াল সহ চেন্নাইলৈ আহিছিল।
আৰক্ষীয়ে এই ভয়ংকৰ হত্যাকাণ্ডৰ সৈতে দুই মৃত শিশুৰ পিতৃৰ বন্ধু গুড্ডু চাহনী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি৷