Local, Vocal, Global

চুপাৰি চিণ্ডিকেটক লৈ বৰাক আৰক্ষীত অথন্তৰ

নিউজ ডেস্ক,৫ ফ্ৰেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অন্ধকাৰত ৰাখি একাংশ দালাল, আৰক্ষীয়ে বৰাকত আৰম্ভ কৰা বাৰ্মিজ চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে অৱশেষত তীব্ৰ অভিযান আৰম্ভ কৰিছে কাছাৰ আৰক্ষীয়ে। বৰাকৰ বাৰ্মিজ চুপাৰি চিণ্ডিকেটক লৈ গুৱাহাটীত অপৰাধ শাখাই গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ পিছতেই আৰক্ষী মহলত হাহাকাৰ লাগিছে। অপৰাধ শাখাই কাছাৰ জিলাৰ দহখন থানা, আৰক্ষী চকীৰ দহগৰাকী ভাৰপ্ৰাপ্ত বিষয়াক গুৱাহাটীলৈ তলব কৰি বাৰ্মিজ চুপাৰী চিণ্ডিকেট সন্দৰ্ভত একেৰাহে তিনিদিন জেৰা কৰিছে। পিছত কাছাৰ আৰক্ষীৰ এই দলটোক অপৰাধ শাখাই গুৱাহাটী এৰাৰ অনুমতি প্ৰদান কৰে । ইয়াৰ পিছতেই কাছাৰ জিলাৰ আৰক্ষীয়ে বাৰ্মিজ চুপাৰি ব্যৱসায়ৰ সৈতে জড়িত দালাল, মাফিয়া চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। আৰক্ষী অভিযানৰ উমান পাই পলায়নৰ চেষ্টা কৰা চুপাৰি মাফিয়াক উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনাও কৰে। লগতে কাটিগড়াত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাৰ্মিজ চুপাৰি মাফিয়া হাজী নিজামউদ্দিনক। ইয়াৰোপৰি আৰক্ষীয়ে শিলচৰ চহৰৰ চামৰা গুদামৰ দুগৰাকী চুপাৰি মাফিয়া জাকিৰ হুছেইন তালুকদাৰ আৰু ৰূপক পালৰ ঘৰত তালাচী চলায়।আৰক্ষীৰ অভিযানৰ পূৰ্বে পলায়ন কৰা জাকিৰ হুছেইন তালুকদাৰৰ পত্নী জয়নাৰা বেগমক অভিযানকাৰী দলে আটক কৰিছে।
              উল্লেখ্য যে, যোৱা ২৫ জানুৱাৰীত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই বৰাকৰ বাৰ্মিজ চুপাৰি চিণ্ডিকেট সন্দৰ্ভত ১/২০২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৭৯/৪১১/৪৬৫ ধাৰাত এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰ মৰ্মে নতুনকৈ বাৰ্মিজ চুপাৰি চিণ্ডিকেট আৰম্ভ কৰা গুৱাহাটীৰ গোটানগৰৰ বিদ্যুত সিনহা নামৰ চুপাৰি মাফিয়া এটাক অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে।মহানগৰ আৰক্ষীৰ আয়ুক্ত হৰমিৎ সিঙে যোৱা ৩১ জানুৱাৰীত এখন সংবাদমেল আহ্বান কৰি অপৰাধ শাখাই বাৰ্মিজ চুপাৰি চিণ্ডিকেট সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰাৰ কথা সদৰী কৰিছিল।
              বৰাকৰ বাৰ্মিজ চুপাৰী চিণ্ডিকেট সন্দৰ্ভত অপৰাধ শাখাই তদন্ত আৰম্ভ কৰা বিষয়টোৱে আৰক্ষী মহলৰ লগতে ৰাজনৈতিক মহলতো শেহতীয়াকৈ চৰ্চা লাভ কৰিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে তেঁওৰ শেহতীয়া বৰাক ভ্ৰমণত স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে বৰাকত বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট চলিবলৈ দিয়া নহ’ব।থলুৱা চুপাৰিৰ ব্যৱসায় কৰাত চৰকাৰে কোনো বাধা নিদিয়ে। কিন্তু ইয়াৰ পিছতো বৰাকত সন্তৰ্পনে চলিছিল বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেট।