Local, Vocal, Global

চিবিআইৰ ৰোষত NSEৰ প্ৰাক্তন মূৰব্বী চিত্ৰা ৰামকৃষ্ণ

নিউজ ডেস্ক, ১৯ ফ্ৰেব্ৰুৱাৰীঃ দেশৰ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ চমুকৈ NSE-ৰ প্ৰাক্তন মূৰব্বী চিত্ৰা ৰামকৃষ্ণক চিবিআইয়ে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগত ১২ ঘণ্টা ধৰি সোধ-পোছ কৰে। এই গোচৰটো সম্পৰ্কত ইয়াৰপূৰ্বে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততেই চিত্ৰা ৰামকৃঞ্চক এইদৰে জেৰা কৰা হৈছিল বুলি জানিব পৰা গৈছে।
            উল্লেখ্য যে, চিত্ৰা ৰামকৃষ্ণ ২০১৩ চনৰ পৰা ২০১৬ চনলৈ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক আছিল। পিছলৈ তেঁও ব্যক্তিগত কাৰণত পদত্যাগ কৰিছিল।
         এক স্পষ্ট উলংঘনৰ এক অভিযোগৰ বাবে তেঁওৰ ওপৰত তদন্ত চলি আছে। এই অভিযোগ অনুসৰি, হিমালয়ৰ এগৰাকী সাধুক তেঁও যথেষ্ট গোপনীয় বিত্তীয় তথ্য প্ৰদান কৰিছিল। তাৰোপৰি কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে দিল্লীস্থিত অ’পিজি চিকিউৰিটিজ প্ৰাইভেট লিমিটেডৰ এজন মালিক আৰু প্ৰচাৰক, সঞ্জয় গুপ্তা আৰু অন্যান্যসকলৰ বিৰুদ্ধে শ্বেয়াৰ বজাৰত এনএছইৰ নামত সুবিধাৰ অপব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। ১১ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে প্ৰকাশ কৰিছিল যে, আনন্দ সুব্ৰমণিয়াক এক্সচেঞ্জৰ গ্ৰুপৰ অপাৰেটিং অফিচাৰ আৰু মেনেজিং ডাইৰেক্তৰৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত হিমালয়ত বাস কৰা এজন যোগীয়ে তেঁওক পৰিচালনা কৰিছিল। এই ঘটনাৰ পিছতেই সমগ্ৰ সংবাদ শিৰোনাম দখল কৰিছে।