চলিত বৰ্ষতে ২২ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব: ৰণোজ পেগু।
নিউজ ডেস্কঃ মঙলবাৰে দিছপুৰৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুয়ে ঘোষণা কৰে যে চলিত বৰ্ষতে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ’ব নিযুক্তি প্ৰক্ৰিয়া। লগতে শিক্ষামন্ত্রী গৰাকীয়ে কয় শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । কিন্তু ভেৰিফিকেশ্বনৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব।
তাৰোপৰি টেট নিযুক্তিটো কোনো ধৰণৰ বিসংগতি হোৱা নাই বুলি শিক্ষামন্ত্রী গৰাকীয়ে প্ৰকাশ কৰে। এই সন্দৰ্ভত লগতে তেওঁ কয় যে যিসকলে এই অভিযোগ কৰিছে তেঁওলোকৰ অভিযোগৰ ভিত্তিত এখন কমিটি গঠন কৰি এসপ্তাহৰ ভিতৰত পৰীক্ষা বহীসমূহ পুনৰীক্ষণৰ লগতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনহাতে, ক’ভিডৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনাকো নাকচ কৰে শিক্ষামন্ত্রী গৰাকীয়ে।