গৰুখুটিৰ সংস্থাপন প্ৰক্ৰিয়াক জমিয়তৰ আদৰণি
গুৱাহাটী,১৬ ফ্ৰেব্ৰুৱাৰীঃ গৰুখুটিত উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা প্ৰক্ৰিয়াক অসম ৰাজ্যিক জমিয়ত উলমাই আঁদৰণি জনাইছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অসম ৰাজ্যিক জমিয়ত উলামৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়- “গৰুখুটিত কেইবা দশকজুৰি বসবাস কৰি থকা সংখ্যালঘু ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰা কাৰ্যক আমি বিৰোধিতা আৰু প্ৰতিবাদ কৰিছিলো। গৰুখুটিত ২০৫১টা উচ্ছেদিত পৰিয়ালৰ জীৱনলৈ যি দুৰ্যোগ নামি আহিলে, তেঁওলোকৰ পুনৰ সংস্থাপনৰ বাবে জমীয়তে সদায় দাবী জনাই আহিছিলে আৰু এই বিষয়ক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা হৈছিল। সম্প্ৰতি চৰকাৰে দলগাঁৱৰ শ্যামপুৰত উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো। আমি আশা কৰিছো, মুখ্যমন্ত্ৰীয়ে পুনৰ সংস্থাপন প্ৰক্ৰিয়াত শেষৰটো পৰিয়াল সংস্থাপিত নোহোৱা পৰ্যন্ত নিজে তদাৰক কৰিব। আগন্তুক সময়ত যিকোনো উচ্ছেদ অভিযানৰ নামত যাতে কোনো ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰবাবে বিহিত ব্যৱস্থা হাতত ল’বলৈয়ো চৰকাৰক আহ্বান জনাইছো”।