Local, Vocal, Global

গোৱা বিধানসভা নির্বাচনৰ বাবে তৃণমূল কংগ্রেছৰ সহ-প্ৰভাৰীৰ দায়িত্বত সাংসদ সুস্মিতা দেৱ

নিউজ ডেস্ক, ৪ জানুৱাৰী: তৃণমূল কংগ্রেছে  আগন্তুক গোৱা বিধানসভা নির্বাচনৰ বাবে সহ-প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিলে ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক আৰু আলিপুৰদুৱাৰৰ প্ৰাক্তন বিধায়ক সৌৰভ চক্রবর্তীক দলটোৰ গোৱা প্ৰদেশৰ সহ-প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰিছে। সদ্য কংগ্রেছ ত্যাগী সুস্মিতা দেৱে শেহতীয়াকৈ তৃণমূল কংগ্রেছত যোগদান কৰি ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। যাৰ ফলত দলৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা ব্যানার্জীয়ে সুস্মিতা দেৱক দলৰ এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে চলিত বৰ্ষতে গোৱাত বিধানসভা নির্বাচন অনুষ্ঠিত হব, সেয়েহে  সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে তথা ভোটাৰৰ মন জয়ৰ লক্ষ্যৰে গৃহলক্ষ্মী আচনিৰো প্ৰতিশ্ৰুতি দিছে দলৰ মুৰব্বী মমতা ব্যানার্জীয়ে।