Local, Vocal, Global

গোৱালপাৰা জিলাত ভয়ংকৰ বান বিভীষিকা

গোৱালপাৰা জিলাত ভয়ংকৰ বান বিভীষিকা । অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হোৱা ৩৯ নং জলেশ্বৰ সমষ্টিত বিভিন্ন অঞ্চলৰ লগতে চৰ-চাপৰি সমূহত বৰ্তমান এক হাহাকাৰ অৱস্থা  । তেনে পৰিস্থিতিত মানবতা দেখুওৱালে  গোৱালপাৰা অসামৰিক চিকিৎসালয়লৰ চিকিৎসক ৰেজা আমিনৰ লগতে এক সজাতি দলে । বান পীড়িত ৰাইজৰ কাষত সহায়ৰ বাবে আগবাঢ়ি আহিছে চিকিৎসক ৰেজা আমিনৰ লগতে সজাতি দলটো । বান পীড়িত বিভিন্ন অঞ্চলৰ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলক খাদ্য সামগ্ৰীৰ যোগান ধৰে । ইয়াৰ উপৰিও আশ্ৰয় শিবিৰত বেমাৰত ভূগি থকা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে চিকিৎসক ৰেজা আমিনে।