Local, Vocal, Global

গোলাঘাট চ’ক বজাৰ ‘ কণ্টেইনমেণ্ট জ’ন ‘

গুৱাহাটী মহানগৰৰ পিছতে এতিয়া কৰ’নাৰ গণ সংক্ৰমণ আৰম্ভ হৈছে গোলাঘাটত । ‘ কণ্টেইনমেণ্ট জ’ন ‘ ঘোষণা কৰা হ’ল গোলাঘাট নগৰৰ চ’ক বজাৰ । গোলাঘাট নগৰৰ চ’ক বজাৰৰ কাপোৰৰ দোকানৰ এজন কৰ্মচাৰীৰ কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত সমগ্র নগৰ খনলৈ আহিছে ভাবুকি । কৰ্মচাৰী জনৰ নাছিল কোনো ভ্ৰমণ বৃত্তান্ত । চক বজাৰৰ সকলো ব্যৱসায়ীৰে কৰা হ’ব  SWAB টেষ্ট । প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত ‘ কণ্টেইনমেণ্ট জ’ন ‘ হিচাপে থাকিব গোলাঘাট চ’ক বজাৰ ।

আনহাতে গোলাঘাটত নতুনকৈ চাৰিটা স্থান restricted zone হিচাপে ঘোষণা কৰিলে গোলাঘাট জিলা প্ৰশাসনে । গোলাঘাট লাইফ লাইন চিকিৎসালয় , চন্দন নগৰৰ আংশিক এলেকা , চান্দমাৰী কৱৰস্থান সমীপৰ মুছিদা বেগমৰ বাসগৃহ আৰু চান্দমাৰী অঞ্চলৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ জগত শইকীয়াৰ বাসগৃহ ।