Local, Vocal, Global

গোলাঘাটৰ আছুকৰ্মীৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক: অসমৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ সন্মুখত গোলাঘাট মহকুমা ছাত্ৰ সন্থাই ডিব্ৰুগড়ত আছুকৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত গোলাঘাট মহকুমা ছাত্ৰ সন্থাই অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায়।
আছুকৰ্মীসকলৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মত প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে।
প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, ডিব্ৰুগড় আৰক্ষী অধীক্ষক হায় হায়,সদৌ গোলাঘাট ছাত্ৰ সন্থা জিন্দাবাদ, পুলিচৰ নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে কপাই তোলে আকাশ বতাহ।