Local, Vocal, Global

গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা  সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতে নতুন শৰাইঘাট দলঙৰ ওপৰৰ পৰা ট্রাংকত ভৰাই অনা এটা মৃতদেহ ব্রহ্মপুত্রত পেলাবলৈ লোৱাৰ সময়তে এজন যুৱকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ট্রাংকত ভৰাই অনা এটা মৃতদেহ ব্রহ্মপুত্রত পেলাবলৈ লওঁতেই এ AS-01-DS-5822 নম্বৰৰ স্কুটীখনৰ আৰোহীজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকজন আমিনগাঁৱৰ মোহন গিৰি৷ লোকজনে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি মৃতদেহটো পাণ্ডুৰ ৬নং কলনীৰ পৰা এখন চাৰিচকীয়া বাহনত কেইজনমান যুৱকে কঢ়িয়াই আনিছিল৷মৃতদেহ কঢ়িয়াই অনা যুৱককেইজনে মোহন গিৰিক শৰাইঘাটৰ পৰা ব্রহ্মপুত্রত মৃতদেহটো পেলোৱাৰ বিনিময়ত এক মোট অংকৰ টকা দিয়াৰ প্রতিশ্রুতি দিছিল৷ টহলদাৰী আৰক্ষীয়ে শৰাইঘাটৰ পৰা মৃতদেহসহ ট্রাংকটো পেলাবলৈ লোৱাৰ সময়তে মোহন গিৰিক ধৰিবলৈ সক্ষম হয়৷ ইফালে, আৰক্ষী অহাৰ উমান পাই মৃতদেহ কঢ়িয়াই অনা গাড়ীসহ দুর্বৃত্তৰ দলটোৱে পলায়ন কৰে৷ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মৃতদেহ কঢ়িয়াই অনা দলটোৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ প্রাথমিক তদন্তৰ অন্তত এয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷