Local, Vocal, Global

গুৱাহাটী মহানগৰীত পুনৰ দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা

নিউজ ডেস্ক,১৬ ফ্ৰেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত পুনৰ দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। মহানগৰীৰ পাথৰকুঁৱেৰীৰ মেগজিনত সংঘটিত হৈছে এই চাঞ্চলকৰ ঘটনা। দিন দুপৰতে ৰাজপথত এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ পাছ লাখ টকা।পালচাৰ বাইকত অহা হেলমেট পৰিহিত দুই দুৰ্বৃত্তই মহিলাৰ বেগ সহ টানি নিলে পাছ লাখ টকা। দুই দুৰ্বৃত্তই মহিলা গৰাকীৰ পৰা ৫ লাখ টকা টানি নিওতে ৰাজপথতে লুটি বাগৰ খায় মহিলা গৰাকী। মহিলা গৰাকীয়ে সাতগাওস্থিত SBI বেংকৰ পৰা পাছ লাখ টকা উলিয়াই এখন মেজিক বাহনত পাথৰকুঁৱাৰীৰ মেগজিনৰ নিজ বাসগৃহ অভিমুখে আহি আছিল। মেজিকৰ পৰা নামিবলৈ লওঁতে ৰাজপথত সংঘটিত হয় এই ঘটনা।
দুৰ্বৃত্তৰ দলটোৱে ধন খিনি লুট কৰি তীব্ৰ বেগেৰে ছয়মাইল অভিমুখে পলায়ন কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে জানিব দিয়া মতে এটুকুৰা মাটি ক্ৰয় কৰিবলৈ বেংকৰ পৰা উলিয়াইছিল নগদ পাছ লাখ টকা । ভুক্তভোগী মহিলা গৰাকীয়ে নুনমাটি থানাত দিয়া এজাহাৰ দিয়াৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উলেক্ষ্য যে, ভুক্তভোগী জয়া ৰাজখোৱা নামৰ মহিলা গৰাকীৰ ঘৰ পাথৰকুৱাৰীৰ মেগজিনত।