Local, Vocal, Global

গুৱাহাটী প্ৰেছক্লাৱত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেল

নিউজ ডেস্ক,৭ ফ্ৰেব্ৰুৱাৰীঃ আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সংবাদমেল সম্বোধন কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত এই সংবাদমেল সম্বোধন কৰে অসমীয়া যুৱ মঞ্চই । তেঁওলোকে প্ৰশ্ন উত্থাপন কৰে যে,মুখ্যমন্ত্ৰীয়ে অন্য ছিণ্ডিকেটসমূহ বন্ধ কৰাৰ দৰে কয়লা ছিণ্ডিকেটসমূহ কিয় আজিলৈকে বন্ধ কৰিব নোৱাৰিলে? তেঁওলোকে অভিযোগ উত্থাপন কৰে যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ গেলেকি, চূণপৰা আৰু নিমনাগড়ত বিজেপিৰ সদস্যৰ নেতৃত্বত কয়লা ছিণ্ডিকেট চলি থকাৰ অভিযোগ কৰে। এই কয়লা ছিণ্ডিকেটৰ টকা দিছপুৰলৈ আহে আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোকসকল কয়লা ছিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগ কৰে। দুজন কোঁৱৰ উপাধিৰ আৰু এজন পৱন দ্বাৰা নামৰ বিজেপি নেতা জড়িত বুলি তেঁওলোকে উল্লেখ কৰে। লগতে এখন ট্ৰেইনৰ পৰা ১০ লাখ টকা সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই।
           এই সংবাদমেলত অইল ইণ্ডিয়াই পুনৰ গুজৰাটৰ জন এনাৰ্জীক ডিলিঙৰ ঠিকা প্ৰদানক লৈয়ো মন্তব্য কৰে সংগঠনটোৱে। তেঁওলোকে অভিযোগ কৰে যে ইয়াত ৰামেশ্বৰ তেলী আৰু অইলৰ সঞ্চালক প্ৰদান জড়িত হৈ আছে বুলি কয়।
         বিহুক লৈ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে চান্দা সংস্কৃতি বুলি কৰা মন্তব্য বিৰুদ্ধেও ক্ষোভ প্ৰকাশ সংগঠনটোৰ। ইপিনে জাতীয় দল সংগঠন অবিহনে অসমখন বাংলাদেশলৈ পৰিণত হ’ব বুলি সংগঠনটোৱে কয়।লগতে বাঙালী দল সংগঠনক তীব্ৰ প্ৰত্যাহ্বান বৃহত্তৰ যুৱ মঞ্চৰ সংগঠনটোৱে।