Local, Vocal, Global

গুৱাহাটীত মানুহৰ হাতত প্ৰাণ গ’ল নাহৰফুটুকীৰ

119

মহানগৰীত আকৌ এবাৰ জীৱশ্ৰেষ্ঠৰ হাতত প্ৰাণ গ’ল এটা নাহৰফুটুকীৰ৷ গুৱাহাটীৰ গড়চুক কটাহবাৰীৰ নিজৰাপাৰ অঞ্চলত এটা নাহৰফুটুকীয়ে ৩ মাহ ধৰি উপদ্ৰৱ চলাই আহিছিল৷ স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজে নিজেই শনিবাৰে ফান্দ পাতি নাহৰফুটুকীটো বন্দী কৰে৷ সেই ফান্দত নিশাই বন্দী হয় নাহৰফুটুকীটো৷ বন বিভাগৰ লোক আহিল ঠিকেই, কিন্তু নাহৰফুটুকীটোক ফান্দৰ পৰা নুলিয়ালে অথবা গ্ৰহণ নকৰিলে যাৱতীয় ব্যৱস্থা৷ ফলত দেওবাৰে পুৱা ১০ বজাত নাহৰফুটুকীটোৱে ফান্দৰ পৰা কিবাকৈ বাহিৰ ওলায়৷ আতংকিত ৰাইজে খেদি খেদি, কোবাই কোবাই নিধন কৰে অসহায় নাহৰফুটুকীটোক৷ বাতৰি যুগুত কৰাৰ সময়লৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক৷ অৱশ্যে আৰক্ষীৰ লোক উপস্থিত হৈছে নিজৰাপাৰত৷ খাদ্য আৰু আশ্ৰয়ৰ অভাৱত সময়ে সময়ে মহানগৰীত নাহৰফুটুকী আৰু মানুহৰ সংঘাত চলি আহিছে৷ নিজৰাপাৰৰ এই ঘটনাও তাৰেই এক উদাহৰণ৷ দেওবাৰে কটাহবাৰীত সংঘটিত নাহৰফুটুকী হত্যা ঘটনা সন্দর্ভত গড়চুক আৰক্ষীৰ সহযোগত বন বিভাগে ৬জন লোকক আটক কৰিছে৷