Local, Vocal, Global

গুৱাহাটীত উপস্থিত আজি কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিং

নিউজ ডেস্ক, ৭ ফ্ৰেব্ৰুৱাৰীঃ আজি কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিং গুৱাহাটীত উপস্থিত হয়। ইয়াৰ পিছতেই শক্তিমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱ বৈদ্যুতিক শক্তি নিগমৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত কেন্দ্ৰীয় শক্তিমন্ত্ৰী গৰাকীয়ে নিপক’ৰ দ্ৰুত ক্ষমতা সংযোজন আৰু সেউজ শক্তি উৎপাদন বৃদ্ধিৰ প্ৰশংসা কৰে। লগতে নিপক’ক অহা সাতবছৰত ৪০০০ মেগাৱাটতকৈ অধিক কোম্পানি হ’বলৈ আহ্বান জনায়।