খটখটি বালিজানত উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিঃগুলীচালনাত আহত আৰক্ষী
নিউজ ডেস্কঃ বাকী থকা ১০০ টা পৰিয়ালৰ ঘৰ ভঙাৰ বাবে দেওবাৰে আৰক্ষী বাহিনীৰ বৃহৎ সংখ্যক লোকৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পুৱা ৯ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। কিন্তু ৩০ টা পৰিয়ালৰ ঘৰ ভঙাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বৃহৎ সংখ্যক নগা মহিলাই হাতে হাতে প্লে’কাৰ্ড লৈ ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে এক্সেভেটৰ সমূহৰ সন্মুখতো বহিদি বা হাতেৰে চলাচল কৰাত বাধা প্ৰদান কৰে।
তীব্ৰ তৰ্কাতৰ্কি চিঞৰ-বাখৰৰ মাজতে প্ৰতিবাদী পক্ষৰ পিছফালৰ পৰা প্ৰথমে শিল দলিওৱাৰ পৰৱৰ্তী সময়ত আৰক্ষীক উদ্দেশ্যি গুলী চলোৱাৰ ঘটনা সংঘটিত হয়। প্ৰত্যুত্তৰত অসম আৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয়। এই গুলীয়াগুলীৰ ঘটনাত খটখটিৰ ভাৰপ্ৰাপ্ত বিষয়াসহ কমেও ৫ জন লোক আহত হোৱাৰ ঘটনাৰ পিছিতে পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে।
নাগালেণ্ডৰ সীমাৰ ভিতৰৰ পৰাও বহু লোকে ইয়াৰ প্ৰতিবাদ কৰে। অৱশ্যে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে দুপৰীয়া ১২-৩০ বজাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও সমান্তৰালভাৱে ন্যায়ালয়ে অনুমোদন জনোৱা স্বত্বেও ৩০ টা ঘৰত উচ্ছেদ চলোৱাৰ পিছতে দেওবাৰৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।