Website Design: dastechnologies.in
মহামাৰী কভিড ১৯ এ সম্প্ৰতি ভয়াবহ ৰূপ ধাৰণ কৰিছে। এতিয়া প্ৰয়োজন হৈ পৰিছে ৰাইজৰ সজাগতাৰ। তেনে এক সাহসী পদক্ষেপক সাৰথি কৰি শুৱালকুছিৰ তিনিগৰাকী যুৱকৰ এক সজাগতামূলক যাত্ৰা। চাইকেল চলাই শুৱালকুছিৰ পৰা মেঘালয়লৈ যাত্ৰা কৰিলে শুৱালকুছিৰ তিনিগৰাকী যুৱক প্ৰহ্লাদ দাস, অকুল দাস আৰু বিশাল বায়নে।যুৱককেইজনে ফেষ্টুনত কভিড ১৯ ৰ বহু সজাগতামূলক বাৰ্তা লিখি এই যাত্ৰাৰ আৰম্ভণি কৰে শুৱালকুছিৰ পৰা। যুৱক কেইজনৰ সজাগতা মূলক বাৰ্তা যে -কভিড ৰোগীক অৱহেলা নকৰিব আৰু কভিড যোদ্ধা সকলৰ প্ৰতি সন্মানজনক প্ৰদৰ্শন আগবঢ়াওক। আনহাতে ৰাইজক মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ এই চাইকেল যাত্ৰাৰ জৰিয়তে তেওঁলোকে আহ্বান জনাব।