কাল কৰ’নাৰ কবলত বৰপেটা, চিকিৎসক-স্বাস্থ্য কৰ্মীৰ মাজত ত্ৰাস
*প্ৰথমবাৰৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোৰোনাৰ বৃহৎ সংক্ৰমণৰ ঘটনা*
*একেদিনাই চিকিৎসালয়খনৰ দুই কণিষ্ঠ চিকিৎসক, ৪ গৰাকী কৰ্মচাৰী,এগৰাকী প্ৰসুতি আৰু এজন নিৰাপত্তাৰক্ষী কোৰোনাত আক্ৰান্ত*
*কভিড ১৯ পজিটিভ বুলি চিনাক্ত কণিষ্ঠ চিকিৎসক দুগৰাকী হ’ল ডাঃ অংকিতা গুপ্তা আৰু ডাঃ এন ই ৰেংথাই*
*দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৪ কৰ্মচাৰী হ’ল ক্ৰমে ৰেক’ৰ্ড কিপাৰ বিপুল কলিতা,শৈল্য চিকিৎসা বিভাগৰ ড্ৰেচাৰ আব্দুল ওৱাজেদ দেৱান,কণিষ্ঠ সহায়ক নিতেন কলিতা আৰু ষ্টোৰ কিপাৰ মনালিছা বৰুৱা*
*কোৰোনাত আক্ৰান্ত নিৰাপত্তাৰক্ষীগৰাকী হৈছে মণিৰুল হক*
*মণিৰুল হকে ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে ধুবুৰী কাৰাগাৰৰ কয়েদী এগৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাইছিল*
*পৰৱৰ্তী সময়ত কয়েদী আব্দুল হামিদ খান কভিড ১৯ পজিটিভ বুলি চিনাক্ত হৈছিল*
*কয়েদী আব্দুল হামিদ খানৰ সংস্পৰ্শলৈ অহা বাবেই নিৰাপত্তাৰক্ষী মণিৰুল হক কোৰোনাত আক্ৰান্ত হয়*
*দুই কণিষ্ঠ চিকিৎসক আৰু অন্যান্যসকলও আব্দুল হামিদ খান নামৰ কয়েদীগৰাকীৰ দ্বাৰাই সংক্ৰমিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে*
*আনহাতে দিন দিয়েক পূৰ্বে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসাৰ বাবে অহা এগৰাকী প্ৰসূতিৰ দেহতো ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি*
*কোৰোনাত আক্ৰান্ত প্ৰসূতিগৰাকী মন্দিয়া অঞ্চলৰ ৰহিতন নেছা বুলি জানিব পৰা গৈছে*
* আনহাতে কনিষ্ঠ চিকিৎসক থকা গাৰ্লচ হোষ্টেলটো কন্টেইনমেন জ’ন ঘোষণা কৰিছে হস্পিটাল কৰ্তৃপক্ষই ৷