Local, Vocal, Global

ক’ভিড শেষ হ’লেই ‘কা’ আহিব-অমিত শ্বাহ

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ ক’ভিড শেষ হ’লেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাতকাৰত ‘কা’ৰ বিধি প্ৰস্তুত সন্দৰ্ভত এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই সাক্ষাতকাৰত তেঁও কয় যে, এই আইন কাৰো নাগৰিকত্ব কাঢ়ি নিয়া আইন নহয়, নাগৰিকত্ব দিয়াৰহে আইন। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘কা’ কাৰ্যকৰীকৰণৰ পৰা বিজেপি চৰকাৰ পিছুৱাই অহাৰ প্ৰশ্নই নুঠে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। এই সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, “কৰণাৰ বাবে এই বিষয়টো কিছু থমকি ৰৈছে। কিন্তু ৰোগৰ প্ৰকোপ কমিলেই এই বিষয়ক লৈ প্ৰদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। ক’ভিড শেষ হ’লেই নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ’ব। ‘কা’ৰ পৰা পিছুৱাই অহাৰ কোনো প্ৰশ্নই নুঠে।”