Local, Vocal, Global

কটন-কাণ্ডত জড়িত কেইবাজনকো শাস্তি প্ৰদান

নিউজ ডেস্ক, ২০ ফ্ৰেব্ৰুৱাৰীঃ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয়ত দুটা ছাত্ৰাবাসৰ মাজত হোৱা নিৰ্বাচনী হিংসাৰ সন্দৰ্ভত অৱশেষত কঠোৰ হ’ল কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ।
বিগত ৫ জানুৱাৰীত হোৱা নিৰ্বাচনী হিংসা সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে শনিবাৰে কেইবাজনকো দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছে।
উল্লেখ্য, সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ (এছ এন বি চি) কৈলাশ দলে নামৰ ছাত্ৰ জনক ৭ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে ভৱিষ্যতে কটন বিশ্ববিদ্যালয়ত পি জি বা আন পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত বাধা‌ আৰোপ কৰা হৈছে।
ইফালে, একেটা ছাত্ৰাবাসৰে পাৰভেজ আলী আৰু গুণীন পেগু নামৰ ছাত্ৰ দুজনক সাত হাজাৰকৈ জৰিমনা বিহা হৈছে। উক্ত জৰিমনাৰ ধন ৩১ মাৰ্চৰ ভিতৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আদায় দিব লাগিব।
আনহাতে, নিৰ্বাচনী হিংসাত লিপ্ত হোৱা মহেন্দ্ৰ নাথ ডেকা ফুকন (এম এন‌ ডি পি) ছাত্ৰাবাস আৰু সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাসৰ (এছ এন বি চি) ছাত্ৰসকলক পঁচিশ শ টকাকৈ জৰিমনা বিহা হৈছে।
উল্লেখ্য, মহেন্দ্ৰ নাথ ডেকা ফুকন (এম এন‌ ডি পি) ছাত্ৰাবাসৰ নয়নজ্যোতি কলিতা নামৰ ছাত্ৰজনে নিৰ্বাচনী হিংসাত এম এন‌ ডি পি হোষ্টেলত আগভাগ লোৱা বুলি চিনাক্ত কৰি তেওঁকো ৬ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে। শ্ৰেণীকোঠাত নামভৰ্তি নকৰাকৈ তেওঁ হোষ্টেলত থকা বুলিও কাৰ্যবাহী পৰিষদে দোষী সাব্যস্ত কৰিছে। লগতে পৰিষদে দুয়োটা ছাত্ৰাবাসৰ অধীক্ষক দুজনকো দায়িত্বৰ পৰা অব্যাহতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন অধীক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত ছাত্ৰ কল্যাণ সঞ্চালকৰ তত্বাৱধানত থাকিব দুয়োটা ছাত্ৰাবাস।