Local, Vocal, Global

এশিঙিয়া গড়ৰবিচৰণভূমি পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষীৰ গণনা সম্পন্ন।

গুৱাহাটীঃপৃথিৱীৰ ভিতৰত পবিতৰা অভয়াৰণ্যত অধিক বসতি থকা এশিঙীয়া গড়ৰ আৱাস ভূমি পবিতৰা অভয়াৰণ্যত  ৰবিবাৰে  জলচৰ পক্ষী গণনা সম্পন্ন কৰে বন বিভাগে।

পবিতৰা অভয়াৰণ্যৰ তামুলীডুবা,হাঁহচৰা, পগলাডুবা এলেকাত 6 টা ভাগত বিভক্ত কৰি এই গণনা সম্পন্ন কৰে বিশেষজ্ঞৰ দলে।

বন বিভাগৰ বিশেষজ্ঞ আৰু প্ৰকৃতিপ্ৰেমীৰ সহযোগত চলোৱা হৈছে এই গণনা।

শেহতীয়াকৈ 2021 বৰ্ষৰ এই গননা মতে অভয়াৰণ্য খনত মুঠ 24000 হাজাৰ বিভিন্ন প্ৰজাতিৰ জলচৰ পক্ষী পোৱা গৈছিল।কিন্তু ইয়াৰ পৰিবৰ্তে এই বছৰত ইয়াৰ সংখ্যা হ্ৰাস পোৱা দেখা যায়।

2022 বৰ্ষৰ আজিৰ গণনাত 8182 টা পক্ষী পোৱা যায় বুলি বিশেষজ্ঞৰ দলে জানিব’লৈ দিয়ে।

পবিতৰা অভয়াৰণ্যত এই পৰিভ্ৰমি জলচৰ পক্ষীৰ সংখ্যা হ্ৰাস পোৱাৰ অন্যতম কাৰণ অভয়াৰণ্য খনত খাল বিল সমূহ বাম হৈ উখ হৈছে যাৰ বাবে জলাশয় হ্ৰাস পাইছে বুলি মত প্ৰকাশ কৰে বন বিভাগে।

উল্লেখ্যে যে প্ৰণালীবদ্ধভাৱে হোৱা এই গণনা প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে ফৰেষ্ট,গাৰ্ড,হাতী মাউতকে ধৰি প্ৰায় 50 জন লোক জড়িত হৈ এই গণনা সম্পন্ন কৰে।