Local, Vocal, Global

এলএচিত এতিয়াৰ পৰা গুলি ফুটিব, লাডাখ কাণ্ডৰ পিছত ৰোল অৱ এংগেইজমেণ্ট সলনিৰ সিদ্ধান্ত

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ তেনেই সমীপতে লাডাখৰ গালৱান উপত্যকাত যোৱা ১৫ জুনৰ নিশা চীন ভাৰতৰ সীমান্ত প্ৰহৰী সকলৰ মাজত হোৱা তয়া-ময়া খণ্ডযুদ্ধত ২০ জনকৈ ভাৰতীয় সেনাই প্ৰাণ হেৰুৱালে। কিন্তু সেই সংঘৰ্ষকালীন প্ৰায় ৫/৬ ঘন্টা জোৰা সময়ছোৱাত দুয়ো পক্ষৰ এজাই গুলিও ফুটুৱা নাছিল। সেয়াই এলএচিৰ নিয়ম । এলএচিত চীন-ভাৰতৰ সেনা মুখা মুখী হ’লেও আগ্নেয়াস্ত্ৰ ব্যৱহাৰ নকৰাৰ নীতিকেই কোৱা হয় ৰোল অৱ এংগেইজমেণ্ট। সেই বাবেই সীমান্তত দুয়োদেশৰ সীমান্ত প্ৰহৰী সকল মুখামুখী হওঁতে মাজে সময়ে হতাহতী, মাৰপিট হৈ আহিছে যদিও যোৱা ৪৫ বছৰে ফুটা নাই গুলী-বাৰুদ। কিন্তু ১৫,১৬ জুনত লাডাখৰ গালৱানত যি হৈ গ’ল তাৰ পিছত সেই ৪৫ বছৰীয়া পৰম্পৰা সলনি কৰাৰ কথা চিন্তা কৰিছে ভাৰতে। এতিয়া নতুন নিয়ম প্ৰৱৰ্তন কৰি ভাৰতৰ প্ৰতিৰক্ষা বিভাগে সীমান্তত পৰিস্থিতি সাপেক্ষে আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ অনুমতি দিব সীমান্ত প্ৰহৰী সকলক। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই আজি এই বিষয়ে সদৰী কৰিছে।

ইফালে লাডাখ কাণ্ডৰ পিছত এলএচিত ভাৰতীয় সেনাৰ তহল-সঞ্চালক বৃদ্ধি কৰা হৈছে যদিও চীনা সেনাই ভাৰতীয় ভূ -খণ্ডৰ পৰা এতিয়াও খোপনি এৰি পিছ হোহকা নাই। ঘটনাৰ ছটা দিন পাৰ হৈ যোৱাৰ পিছতো ভাৰতৰ ভূমিৰ পৰা চীনা সেনা আঁতৰি নোযোৱাটো নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।